আমাৰ গুৰুজনা শঙ্কৰদেৱে কিয় লিখিছিল যে সৎসঙ্গৰ অবিহনে একান্ত ভকত হ’ব নোৱাৰে। সৎসঙ্গৰ প্ৰকৃত অৰ্থ কি?
বহুতে ভাৱে ভকতৰ সঙ্গই সৎসঙ্গ। পিছে ভকতৰ নানা মায়া ভৰা কাণ্ড যেতিয়া আমি দেখোঁ, সৎসঙ্গ যেন কলিযুগত অসম্ভৱ তেনে কথা মনলৈ ভাৱ আহে।
সৎসঙ্গৰ প্ৰকৃত সংজ্ঞা ভাগৱতত পোৱা নাযায়। প্ৰভুৰ একান্ত ভকতৰ সঙ্গকেই সৎসংগ বুলি বুজাই দিয়া হৈছে। হয়, কথাষাৰত কোনো ভুল নাই। কিন্তু মোৰ এই শৰীৰে সদায় প্ৰশ্ন এভাগ কৰিছিল যে ভকতৰ সঙ্গ কিয় দৰকাৰ? কেৱল ইশ্বৰৰ নাম ৰাতিপুৱা গধূলি লৈ একান্ত ভকত কিয় হ’ব নোৱাৰি?
দহ বাৰহ বছৰ মান এই ভাৱ লৈ ইশ্বৰ চিন্তা কৰি আছোঁ। অকণমান লিখিব পৰা হৈছোঁ। এল্বাৰ্ট আইনষ্টাইনৰ লগত সহপাঠি হিচাবে কাম কৰা ডেভিড বৌমৰ কথাৰ পৰা কিছু কথা শিকিবলৈ পালোঁ। তেওঁ এজন প্ৰসিদ্ধ বৈজ্ঞানী (Nuclear Physicist) আৰু পাচলৈ এজন দাৰ্শনীক হিচাপেও স্বকৃতি পাইছিল। তেওঁ বিখ্যাত জে. কৃষ্ণমূৰ্তিৰ লগত এই বিষয়ে বহুত আলোচনা কৰিছিল। যদিও মই Kৰ কিতাপ পঢ়িছো কিন্তু বৌমৰ সাক্ষ্যাতকাৰ এটা শ্ৰৱন কৰোতে হে মূলবস্তু ভাগ বুজিছিলোঁ।
কথাখিনি অত্যন্ত দৰকাৰী কিন্তু বুজাব পাৰিম নে নাই সেইটো মই নাজানো। অলপ সাবধানে পঢ়িব। মইও সাৱধানে লিখিবলৈ যত্ন কৰিম।
আমাৰ মন আৰু বুদ্ধিয়ে এবিধ প্ৰগ্ৰেমৰ দৰে আমাক পৰিচালিত কৰে। বিভিন্ন স্মৃতি, অভিজ্ঞতা, আৰু অনুভৱৰ দ্বাৰা এই প্ৰগ্ৰেমটো বনেযেন বোধ হয়। ই নিজৰেই প্ৰতিচ্ছবি, আৰু নিজক লৈ নিজৰ ধ্যান-ধাৰণা সৃষ্টি কৰে। সেই সৃষ্টিকৰা ধ্যান-ধাৰণাৰে আমি জগতখন দেখোঁ আৰু জগতৰ বিভিন্ন জীৱ বা জড় বস্তুৰ লগত সমন্ধ গঢ়ো। এই প্ৰগ্ৰেমটোক আত্ম চেতনা বুলি কব নোৱাৰি বৰঞ্চ ই আত্ম চেতনাক ধাকি থয় বুলিহে পঢ়িবলৈ পোৱা যায়। আত্ম চেতনাৰ ওপৰে ওপৰে ই নিজকে সৃষ্টি কৰে আৰু নিজকে নিজে বনায় গৈ থাকে। এই প্ৰগ্ৰেমটোত লোভ, মোঁহ, খং, হিংসা, ভয়, সুখ দুখ আদি সকলো থাকে। এই প্ৰগ্ৰেমটোৱে আমাক মায়াৰ বান্ধোনত ৰাখে।
এতিয়া আহোঁ একান্ত ভকত শব্দ দুটি লৈ। চমুকৈ একান্ত ভকত মানে আত্ম সচেতনতা আৰু ঈশ্বৰ চেতনা উপলব্ধি হোৱা লোক। ভাগৱতে ঈশ্বৰ চেতনা আৰু আত্ম-সচেতনতা দুয়ো ভাগেই একান্ত ভকতৰ থাকে বুলি কৈছে আৰু এই বিশ্লেষণ সকলো ধৰ্মতে আমি পাইছোঁ।
আত্ম সচেতনতা বা আত্ম-উপলব্ধি হ’বলৈ এই ওপৰে ওপৰে থকা প্ৰগ্ৰেমটোক বুজিব লাগিব। গুৰুজনা শঙ্কৰদেৱে আমাক নাম লবলৈ কৈছে, শ্ৰৱন কীৰ্তন কৰিবলৈ কৈছে আৰু সৎসঙ্গৰ দৰকাৰৰ কথা আমাক বুজায় গৈছে। মাধৱদেৱ গুৰুজনাই ব্ৰহ্মাকে আদি কৰি সকলো দেৱ দেৱী নৰ মানুহ ইত্যাদি মায়াৰ নিদ্ৰাত অচেতন হৈ আছে বুলি লিখি থৈ যোৱা আমি সকলোৱে স্কুলৰ প্ৰথম শ্ৰেণীৰ পৰা শুনি আহিছোঁ। গতিকে অচেতন আমি সকলো, এই অৱস্থাৰ পৰা সচেতন অৱস্থা লৈ আমি গতি কৰাটো জীৱনৰ এক মাত্ৰ লক্ষ্য হয় বুলি মই বুজিছোঁ।
বিষয়টো অত্যন্ত সাৱধানে পঢ়িব শুণিব লগীয়া। মনদিবলগীয়া বুলি নকওঁ কাৰণ মনৰ প্ৰগ্ৰেমটো বুজিবলৈ মনটোৱে সহায় কৰিব বৰ বিশেষ নোৱাৰে।
যেতিয়া আমি যিকোনো বাহ্যিক বস্তু এটা দেখোঁ আমাৰ প্ৰগ্ৰেমটোৰ মতে সেই বস্তুটো চিনি পাওঁ। কিবা এবিধ খাদ্য দেখি প্ৰগ্ৰেমটোৱে থুলমুলকে চিনি পালে, আমি স্পৰ্শ কৰি (ইন্দ্ৰিয় প্ৰয়োগ) বা সোৱাদ লৈ (ইন্দ্ৰিয় প্ৰয়োগ) খাদ্যভাগ ভালকৈ চিনি পাবলৈ চেষ্টা চলাবলৈ পাৰোঁ। খাদ্যভাগ প্ৰগ্ৰেমটোৱে ভালকৈ চিনি নাপালেও চকুৱে খাদ্যভাগ দেখি খাবলৈ ভাল লাগিব যেন অনুভৱ হ’ব পাৰে আৰু পাছ মুহুৰ্ত্তত সোৱাদ লৈ খুব জলা বা তীতা বুলি অনুভৱ কৰি নাখাও বুলি সিদ্ধান্ত এটা লব পাৰি।
আত্মাৰ বাহিৰৰ বস্তু বুজিবলৈ প্ৰগ্ৰেমটোক ইন্দ্ৰিয়বোৰে সহায় কৰে আৰু এইটো সম্ভৱ যে প্ৰগ্ৰেমটোৰ ভুল বিলাক, ইন্দ্ৰিয়বোৰ সাৱধান হ’লে, শুদ্ধ হ’ব পাৰে। আত্মাৰ অভ্যন্তৰীণত কিন্তু ইন্দ্ৰিয়বোৰে কৰ্ম কৰিব নোৱাৰে। নিজক বুজিবলৈ বা আত্ম সচেতন হ’বলৈ ইন্দ্ৰিয়ে সহায় কৰিব নোৱাৰে (বৌম)। ফলত আমি প্ৰগ্ৰেমটোৱে যি কয় তাকেই সত্য বুলি মানি লওঁ। আত্ম চেতনা বা Ego এই প্ৰগ্ৰেমটোৰ মতে বনি যায়। মনৰ চিন্তাবোৰ (psychological understanding) এই প্ৰগ্ৰেমটোৰ মতে বনি যায়।
কোনোবাই আকাশত চাং পাতে, সপোনৰ শেষ নাথাকে; আৰু কোনোবাই বাস্তৱৰ প্ৰয়োজনতাৰ মাজত আৱদ্ধ হৈ সপোন দেখিবলৈ পাহৰে। অতিৰিক্ত চিন্তা এই প্ৰগ্ৰেমটোৱে কৰায়। দুখত দুব যাও এই প্ৰগ্ৰেমটোৰ কাৰণে। জুবিন দাৰ অনুৰাগী মই হৈ যাও কিন্তু চকুৰ আগত থকা দুখীয়াৰ দুখ অনুভৱ কৰিব নোৱাৰোঁ। ভাগৱত পাঠ কৰোঁ কিন্তু দেৱ দেৱীৰ ওপৰৰ অন্ধ বিশ্বাস ত্যাগ কৰিব নোৱাৰোঁ।
আমি বহুতে নিচাৰ সহায় লও বাস্তৱক পাহৰিবলৈ - আচলতে এই প্ৰগ্ৰেমটোৰ পৰা পলাবলৈ হে চেষ্টা কৰোঁ। যেতিয়া আমি কিবা এটা বস্তু যেনে ধপাট বা চিগেৰেট এৰিব নোৱাৰোঁ, এই প্ৰগ্ৰেমটোৱে এৰিব নিদিয়ে। চাবচোন আমি জেঠিটোলৈ ভয় কৰোঁ কিন্তু চিগেৰেট হুপিবলৈ ভয় নকৰোঁ - পুৰুষত্ব বা macho অনুভৱ কৰোঁ। সংসাৰৰ গোতেই দুখ কষ্ট এই প্ৰগ্ৰেমটোৱে অনুভৱ কৰোৱায় আৰু আমি তাকেই সত্য বুলি ভাৱো। কাৰণ প্ৰগ্ৰেমটো নিয়ন্ত্ৰণ কৰা আমাৰ কোনো অন্য এটা দ্বিতীয় পদ্ধতি বা উপায় নাই। এই ভাৱটো মই ডেভিড বৌম ডাঙৰীয়াৰ পৰা পালোঁ। মই সেইবাবে চিৰ কৃতজ্ঞ।
(এই প্ৰগ্ৰেমটোৰ ওপৰত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব। মই বুজি পালে উত্তৰ দিম।)
এতিয়া আলোচনা কৰোঁ এই প্ৰগ্ৰেমটোক নিয়ন্ত্ৰণ কেনেকে কৰোঁ বা বুজিব কেনেকে পাৰোঁ? পৃথিৱীৰ সকলো শাস্ত্ৰ বা জ্ঞানীসকলে আত্মসচেতনতা (self awareness) আৰু ধ্যান দিয়াৰ (Attention) কথা কয়। এই দুটা ক্ৰিয়া কেনেকে কৰিব পাৰি? আমি অসমীয়াতে লিখিছোঁ যেতিয়া ভাগৱতৰ কথাকে কওঁ। এক শৰণৰ কথা কিয় বাৰে বাৰে কৈছে? নাম লবলৈ আৰু শ্ৰৱন কিয় কৰিবলৈ কৈছে? সৎসঙ্গৰ বিনে মুক্তি নাই বা গতি নাই বুলি কিয় কৈছে?
বহু শৰণ মানেই প্ৰগ্ৰেমটোৰ উৎপাত। নাম লোৱা মানেই প্ৰগ্ৰেমটোক ক্ষণেক স্থগিত কৰা। এই দুবিধৰ বিষয়ে আৰু নিলিখো যিহেতু মূল বিষয় নহয়। কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। বুজো যদি কম।
এতিয়া মূল বিষয় সৎসঙ্গ লৈ আহোঁ। জীৱন আৰু সমন্ধৰ ওপৰত এৰিষ্টটটেলৰ পৰা আদি কৰি বহু দাৰ্শনিক আৰু বৈজ্ঞানিকে কৈছে অকলে জীৱনটো বুজা অসম্ভৱ।
জে. কৃষ্ণমূৰ্তিৰ (K) মতে "জীৱন হ’ল সম্পৰ্ক" (Life is relationship)। এইটো কেৱল এটা শুণিবলৈ ধুনীয়া কথা নহয়, বৰঞ্চ এক গভীৰ মানসিক সত্য। তেওঁ বিশ্বাস কৰিছিল যে আমাৰ অস্তিত্বৰ প্ৰতিটো খোজেই মানুহ, বস্তু আৰু ধাৰণাৰ সৈতে থকা সম্পৰ্কৰ এক গতিশীল অংশ।
সম্পৰ্কৰ দাপোণ (The Mirror of Relationship): কৃষ্ণমূৰ্তিয়ে শিকাইছিল যে সম্পৰ্কই হ’ল একমাত্ৰ দাপোণ য’ত আপুনি নিজৰ প্ৰকৃত স্বৰূপটো দেখা পায়।
আত্ম-আৱিষ্কাৰ: বেছিভাগ মানুহে সম্পৰ্কক কেৱল আৰাম বা নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু তেওঁ কৈছিল যে সম্পৰ্কৰ প্ৰকৃত উদ্দেশ্য হ’ল নিজক জনা।
প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ: আনৰ সৈতে কথা পাতোঁতে বা আচৰণ কৰোঁতে আমাৰ মনত যি খং, ভয় বা নিৰ্ভৰশীলতাৰ সৃষ্টি হয়, সেইবোৰ নিৰীক্ষণ কৰিহে আমি নিজৰ চৰিত্ৰ বুজিব পাৰোঁ।
একাকীত্বৰ ঊৰ্ধত: তেওঁৰ মতে, অকলশৰীয়া ধ্যান বা পৃথিৱীৰ পৰা আঁতৰি গৈ নিজক সম্পূৰ্ণকৈ বুজা সম্ভৱ নহয়। সমাজ আৰু মানুহৰ সৈতে থকা সক্ৰিয় সম্পৰ্কৰ মাজতহে আত্মজ্ঞান সম্ভৱ। কৃষ্ণমূৰ্তিয়ে বাৰে বাৰে কৈছিল যে ব্যক্তিগত পৰিচয় এটা ভ্ৰম মাত্ৰ। আপুনি যদি অৰণ্যলৈ গুচি যায়, তথাপিও আপুনি আপোনাৰ অতীত, আপোনাৰ চিন্তা আৰু আপুনি এৰি থৈ অহা সমাজখনৰ সৈতে সম্পৰ্কিত হৈ থাকে। তেওঁ কৈছিল যে "মই" বা অহংকাৰ হ’ল এটা বাধাৰ দেৱাল। যেতিয়া এজন মানুহে প্ৰকৃতি, বিশ্বব্ৰহ্মাণ্ড আৰু সকলোৰে সৈতে থকা নিজৰ সম্পৰ্কটো গভীৰভাৱে বুজি পায়, তেতিয়াই সেই পৃথকতাৰ দেৱালখন ভাঙি পৰে। ইয়াকেই তেওঁ প্ৰকৃত প্ৰেম বুলি অভিহিত কৰিছিল।
গুৰুজনা শঙ্কৰদেৱৰ লিখনিত থকা আৰু ভাগৱতত উল্লেখ কৰা ‘সৎসঙ্গ’ ওপৰত উল্লেখ কৰা Kৰ যুক্তিৰ দ্বাৰা বুজিব পৰা যায়। সৎসঙ্গ মানে নামঘৰৰ মজিয়াত ভকতৰ সঙ্গ কেৱল নহয়। প্ৰকৃতি, বিশ্বব্ৰহ্মাণ্ড আৰু সকলো জীৱ জন্তু গছ গছনিৰ সৈতে থকা নিজৰ সম্পৰ্কটো বুজায়।
মূল কাৰণটো হ’ল যে কেৱল আনৰ লগত থকা সম্পৰ্কয়েহে প্ৰগ্ৰেমটোক নিস্কৃয় কৰিব পাৰে। শ্ৰৱন উত্তম ভক্তি বুলি কোৱা কাৰণটো একেতাই। কেৱল শ্ৰৱনৰ দ্বাৰা আমি অতি শুদ্ধ সম্পৰ্ক (সৎসঙ্গ) গঢ়িব পাৰোঁ। আনৰ ভাষাত, আবেগত, খং ৰাগত, ঈৰ্ষাত, প্ৰেমত নিজকে বুজি পাব পাৰোঁ।
সৎসঙ্গত মই সৎ হব লাগিব, আনজন নহয়। সকলো ধৰণৰ সঙ্গ মোৰ কাৰণে জৰুৰী কেৱল মই সৎ ভাৱে সাৱধানে সঙ্গক শ্ৰৱন কৰিব লাগিব। আমি সৎসঙ্গ বিচাৰি থাকিব নেলাগে, বিশ্বব্ৰহ্মাণ্ড ভৰি আছে সৎসঙ্গ দি। আমি কেৱল শ্ৰৱন কৰিব লাগে।