Sunday, May 03, 2026

 

।। সৎসঙ্গ ।।
 
আমাৰ গুৰুজনা শঙ্কৰদেৱে কিয় লিখিছিল যে সৎসঙ্গৰ অবিহনে একান্ত ভকত হ’ব নোৱাৰে। সৎসঙ্গৰ প্ৰকৃত অৰ্থ কি?
 
বহুতে ভাৱে ভকতৰ সঙ্গই সৎসঙ্গ। পিছে ভকতৰ নানা মায়া ভৰা কাণ্ড যেতিয়া আমি দেখোঁ, সৎসঙ্গ যেন কলিযুগত অসম্ভৱ তেনে কথা মনলৈ ভাৱ আহে। 
 
সৎসঙ্গৰ প্ৰকৃত সংজ্ঞা ভাগৱতত পোৱা নাযায়। প্ৰভুৰ একান্ত ভকতৰ সঙ্গকেই সৎসংগ বুলি বুজাই দিয়া হৈছে। হয়, কথাষাৰত কোনো ভুল নাই। কিন্তু মোৰ এই শৰীৰে সদায় প্ৰশ্ন এভাগ কৰিছিল যে ভকতৰ সঙ্গ কিয় দৰকাৰ? কেৱল ইশ্বৰৰ নাম ৰাতিপুৱা গধূলি লৈ একান্ত ভকত কিয় হ’ব নোৱাৰি?
 
দহ বাৰহ বছৰ মান এই ভাৱ লৈ ইশ্বৰ চিন্তা কৰি আছোঁ। অকণমান লিখিব পৰা হৈছোঁ। এল্বাৰ্ট আইনষ্টাইনৰ লগত সহপাঠি হিচাবে কাম কৰা ডেভিড বৌমৰ কথাৰ পৰা কিছু কথা শিকিবলৈ পালোঁ। তেওঁ এজন প্ৰসিদ্ধ বৈজ্ঞানী (Nuclear Physicist) আৰু পাচলৈ এজন দাৰ্শনীক হিচাপেও স্বকৃতি পাইছিল। তেওঁ বিখ্যাত জে. কৃষ্ণমূৰ্তিৰ লগত এই বিষয়ে বহুত আলোচনা কৰিছিল। যদিও মই Kৰ কিতাপ পঢ়িছো কিন্তু বৌমৰ সাক্ষ্যাতকাৰ এটা শ্ৰৱন কৰোতে হে মূলবস্তু ভাগ বুজিছিলোঁ। 
 
কথাখিনি অত্যন্ত দৰকাৰী কিন্তু বুজাব পাৰিম নে নাই সেইটো মই নাজানো। অলপ সাবধানে পঢ়িব। মইও সাৱধানে লিখিবলৈ যত্ন কৰিম।
 
আমাৰ মন আৰু বুদ্ধিয়ে এবিধ প্ৰগ্ৰেমৰ দৰে আমাক পৰিচালিত কৰে। বিভিন্ন স্মৃতি, অভিজ্ঞতা, আৰু অনুভৱৰ দ্বাৰা এই প্ৰগ্ৰেমটো বনেযেন বোধ হয়। ই নিজৰেই প্ৰতিচ্ছবি, আৰু নিজক লৈ নিজৰ ধ্যান-ধাৰণা সৃষ্টি কৰে। সেই সৃষ্টিকৰা ধ্যান-ধাৰণাৰে আমি জগতখন দেখোঁ আৰু জগতৰ বিভিন্ন জীৱ বা জড় বস্তুৰ লগত সমন্ধ গঢ়ো। এই প্ৰগ্ৰেমটোক আত্ম চেতনা বুলি কব নোৱাৰি বৰঞ্চ ই আত্ম চেতনাক ধাকি থয় বুলিহে পঢ়িবলৈ পোৱা যায়। আত্ম চেতনাৰ ওপৰে ওপৰে ই নিজকে সৃষ্টি কৰে আৰু নিজকে নিজে বনায় গৈ থাকে। এই প্ৰগ্ৰেমটোত লোভ, মোঁহ, খং, হিংসা, ভয়, সুখ দুখ আদি সকলো থাকে। এই প্ৰগ্ৰেমটোৱে আমাক মায়াৰ বান্ধোনত ৰাখে।
 
এতিয়া আহোঁ একান্ত ভকত শব্দ দুটি লৈ। চমুকৈ একান্ত ভকত মানে আত্ম সচেতনতা আৰু ঈশ্বৰ চেতনা উপলব্ধি হোৱা লোক। ভাগৱতে ঈশ্বৰ চেতনা আৰু আত্ম-সচেতনতা দুয়ো ভাগেই একান্ত ভকতৰ থাকে বুলি কৈছে আৰু এই বিশ্লেষণ সকলো ধৰ্মতে আমি পাইছোঁ।
 
আত্ম সচেতনতা বা আত্ম-উপলব্ধি হ’বলৈ এই ওপৰে ওপৰে থকা প্ৰগ্ৰেমটোক বুজিব লাগিব। গুৰুজনা শঙ্কৰদেৱে আমাক নাম লবলৈ কৈছে, শ্ৰৱন কীৰ্তন কৰিবলৈ কৈছে আৰু সৎসঙ্গৰ দৰকাৰৰ কথা আমাক বুজায় গৈছে। মাধৱদেৱ গুৰুজনাই ব্ৰহ্মাকে আদি কৰি সকলো দেৱ দেৱী নৰ মানুহ ইত্যাদি মায়াৰ নিদ্ৰাত অচেতন হৈ আছে বুলি লিখি থৈ যোৱা আমি সকলোৱে স্কুলৰ প্ৰথম শ্ৰেণীৰ পৰা শুনি আহিছোঁ। গতিকে অচেতন আমি সকলো, এই অৱস্থাৰ পৰা সচেতন অৱস্থা লৈ আমি গতি কৰাটো জীৱনৰ এক মাত্ৰ লক্ষ্য হয় বুলি মই বুজিছোঁ।
 
বিষয়টো অত্যন্ত সাৱধানে পঢ়িব শুণিব লগীয়া। মনদিবলগীয়া বুলি নকওঁ কাৰণ মনৰ প্ৰগ্ৰেমটো বুজিবলৈ মনটোৱে সহায় কৰিব বৰ বিশেষ নোৱাৰে।
 
যেতিয়া আমি যিকোনো বাহ্যিক বস্তু এটা দেখোঁ আমাৰ প্ৰগ্ৰেমটোৰ মতে সেই বস্তুটো চিনি পাওঁ। কিবা এবিধ খাদ্য দেখি প্ৰগ্ৰেমটোৱে থুলমুলকে চিনি পালে, আমি স্পৰ্শ কৰি (ইন্দ্ৰিয় প্ৰয়োগ) বা সোৱাদ লৈ (ইন্দ্ৰিয় প্ৰয়োগ) খাদ্যভাগ ভালকৈ চিনি পাবলৈ চেষ্টা চলাবলৈ পাৰোঁ। খাদ্যভাগ প্ৰগ্ৰেমটোৱে ভালকৈ চিনি নাপালেও চকুৱে খাদ্যভাগ দেখি খাবলৈ ভাল লাগিব যেন অনুভৱ হ’ব পাৰে আৰু পাছ মুহুৰ্ত্তত সোৱাদ লৈ খুব জলা বা তীতা বুলি অনুভৱ কৰি নাখাও বুলি সিদ্ধান্ত এটা লব পাৰি।
 
আত্মাৰ বাহিৰৰ বস্তু বুজিবলৈ প্ৰগ্ৰেমটোক ইন্দ্ৰিয়বোৰে সহায় কৰে আৰু এইটো সম্ভৱ যে প্ৰগ্ৰেমটোৰ ভুল বিলাক, ইন্দ্ৰিয়বোৰ সাৱধান হ’লে, শুদ্ধ হ’ব পাৰে। আত্মাৰ অভ্যন্তৰীণত কিন্তু ইন্দ্ৰিয়বোৰে কৰ্ম কৰিব নোৱাৰে। নিজক বুজিবলৈ বা আত্ম সচেতন হ’বলৈ ইন্দ্ৰিয়ে সহায় কৰিব নোৱাৰে (বৌম)। ফলত আমি প্ৰগ্ৰেমটোৱে যি কয় তাকেই সত্য বুলি মানি লওঁ। আত্ম চেতনা বা Ego এই প্ৰগ্ৰেমটোৰ মতে বনি যায়। মনৰ চিন্তাবোৰ (psychological understanding) এই প্ৰগ্ৰেমটোৰ মতে বনি যায়।
 
কোনোবাই আকাশত চাং পাতে, সপোনৰ শেষ নাথাকে; আৰু কোনোবাই বাস্তৱৰ প্ৰয়োজনতাৰ মাজত আৱদ্ধ হৈ সপোন দেখিবলৈ পাহৰে। অতিৰিক্ত চিন্তা এই প্ৰগ্ৰেমটোৱে কৰায়। দুখত দুব যাও এই প্ৰগ্ৰেমটোৰ কাৰণে। জুবিন দাৰ অনুৰাগী মই হৈ যাও কিন্তু চকুৰ আগত থকা দুখীয়াৰ দুখ অনুভৱ কৰিব নোৱাৰোঁ। ভাগৱত পাঠ কৰোঁ কিন্তু দেৱ দেৱীৰ ওপৰৰ অন্ধ বিশ্বাস ত্যাগ কৰিব নোৱাৰোঁ।
 
আমি বহুতে নিচাৰ সহায় লও বাস্তৱক পাহৰিবলৈ - আচলতে এই প্ৰগ্ৰেমটোৰ পৰা পলাবলৈ হে চেষ্টা কৰোঁ। যেতিয়া আমি কিবা এটা বস্তু যেনে ধপাট বা চিগেৰেট এৰিব নোৱাৰোঁ, এই প্ৰগ্ৰেমটোৱে এৰিব নিদিয়ে। চাবচোন আমি জেঠিটোলৈ ভয় কৰোঁ কিন্তু চিগেৰেট হুপিবলৈ ভয় নকৰোঁ - পুৰুষত্ব বা macho অনুভৱ কৰোঁ। সংসাৰৰ গোতেই দুখ কষ্ট এই প্ৰগ্ৰেমটোৱে অনুভৱ কৰোৱায় আৰু আমি তাকেই সত্য বুলি ভাৱো। কাৰণ প্ৰগ্ৰেমটো নিয়ন্ত্ৰণ কৰা আমাৰ কোনো অন্য এটা দ্বিতীয় পদ্ধতি বা উপায় নাই। এই ভাৱটো মই ডেভিড বৌম ডাঙৰীয়াৰ পৰা পালোঁ। মই সেইবাবে চিৰ কৃতজ্ঞ।
 
(এই প্ৰগ্ৰেমটোৰ ওপৰত কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব। মই বুজি পালে উত্তৰ দিম।)
 
এতিয়া আলোচনা কৰোঁ এই প্ৰগ্ৰেমটোক নিয়ন্ত্ৰণ কেনেকে কৰোঁ বা বুজিব কেনেকে পাৰোঁ? পৃথিৱীৰ সকলো শাস্ত্ৰ বা জ্ঞানীসকলে আত্মসচেতনতা (self awareness) আৰু ধ্যান দিয়াৰ (Attention) কথা কয়। এই দুটা ক্ৰিয়া কেনেকে কৰিব পাৰি? আমি অসমীয়াতে লিখিছোঁ যেতিয়া ভাগৱতৰ কথাকে কওঁ। এক শৰণৰ কথা কিয় বাৰে বাৰে কৈছে? নাম লবলৈ আৰু শ্ৰৱন কিয় কৰিবলৈ কৈছে? সৎসঙ্গৰ বিনে মুক্তি নাই বা গতি নাই বুলি কিয় কৈছে?
 
বহু শৰণ মানেই প্ৰগ্ৰেমটোৰ উৎপাত। নাম লোৱা মানেই প্ৰগ্ৰেমটোক ক্ষণেক স্থগিত কৰা। এই দুবিধৰ বিষয়ে আৰু নিলিখো যিহেতু মূল বিষয় নহয়। কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। বুজো যদি কম।
 
এতিয়া মূল বিষয় সৎসঙ্গ লৈ আহোঁ। জীৱন আৰু সমন্ধৰ ওপৰত এৰিষ্টটটেলৰ পৰা আদি কৰি বহু দাৰ্শনিক আৰু বৈজ্ঞানিকে কৈছে অকলে জীৱনটো বুজা অসম্ভৱ।
 
জে. কৃষ্ণমূৰ্তিৰ (K) মতে "জীৱন হ’ল সম্পৰ্ক" (Life is relationship)। এইটো কেৱল এটা শুণিবলৈ ধুনীয়া কথা নহয়, বৰঞ্চ এক গভীৰ মানসিক সত্য। তেওঁ বিশ্বাস কৰিছিল যে আমাৰ অস্তিত্বৰ প্ৰতিটো খোজেই মানুহ, বস্তু আৰু ধাৰণাৰ সৈতে থকা সম্পৰ্কৰ এক গতিশীল অংশ।
 
সম্পৰ্কৰ দাপোণ (The Mirror of Relationship): কৃষ্ণমূৰ্তিয়ে শিকাইছিল যে সম্পৰ্কই হ’ল একমাত্ৰ দাপোণ য’ত আপুনি নিজৰ প্ৰকৃত স্বৰূপটো দেখা পায়।
আত্ম-আৱিষ্কাৰ: বেছিভাগ মানুহে সম্পৰ্কক কেৱল আৰাম বা নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু তেওঁ কৈছিল যে সম্পৰ্কৰ প্ৰকৃত উদ্দেশ্য হ’ল নিজক জনা।
প্ৰতিক্ৰিয়া পৰ্যবেক্ষণ: আনৰ সৈতে কথা পাতোঁতে বা আচৰণ কৰোঁতে আমাৰ মনত যি খং, ভয় বা নিৰ্ভৰশীলতাৰ সৃষ্টি হয়, সেইবোৰ নিৰীক্ষণ কৰিহে আমি নিজৰ চৰিত্ৰ বুজিব পাৰোঁ।
 
একাকীত্বৰ ঊৰ্ধত: তেওঁৰ মতে, অকলশৰীয়া ধ্যান বা পৃথিৱীৰ পৰা আঁতৰি গৈ নিজক সম্পূৰ্ণকৈ বুজা সম্ভৱ নহয়। সমাজ আৰু মানুহৰ সৈতে থকা সক্ৰিয় সম্পৰ্কৰ মাজতহে আত্মজ্ঞান সম্ভৱ। কৃষ্ণমূৰ্তিয়ে বাৰে বাৰে কৈছিল যে ব্যক্তিগত পৰিচয় এটা ভ্ৰম মাত্ৰ। আপুনি যদি অৰণ্যলৈ গুচি যায়, তথাপিও আপুনি আপোনাৰ অতীত, আপোনাৰ চিন্তা আৰু আপুনি এৰি থৈ অহা সমাজখনৰ সৈতে সম্পৰ্কিত হৈ থাকে। তেওঁ কৈছিল যে "মই" বা অহংকাৰ হ’ল এটা বাধাৰ দেৱাল। যেতিয়া এজন মানুহে প্ৰকৃতি, বিশ্বব্ৰহ্মাণ্ড আৰু সকলোৰে সৈতে থকা নিজৰ সম্পৰ্কটো গভীৰভাৱে বুজি পায়, তেতিয়াই সেই পৃথকতাৰ দেৱালখন ভাঙি পৰে। ইয়াকেই তেওঁ প্ৰকৃত প্ৰেম বুলি অভিহিত কৰিছিল।
 
গুৰুজনা শঙ্কৰদেৱৰ লিখনিত থকা আৰু ভাগৱতত উল্লেখ কৰা ‘সৎসঙ্গ’ ওপৰত উল্লেখ কৰা Kৰ যুক্তিৰ দ্বাৰা বুজিব পৰা যায়। সৎসঙ্গ মানে নামঘৰৰ মজিয়াত ভকতৰ সঙ্গ কেৱল নহয়। প্ৰকৃতি, বিশ্বব্ৰহ্মাণ্ড আৰু সকলো জীৱ জন্তু গছ গছনিৰ সৈতে থকা নিজৰ সম্পৰ্কটো বুজায়।
 
মূল কাৰণটো হ’ল যে কেৱল আনৰ লগত থকা সম্পৰ্কয়েহে প্ৰগ্ৰেমটোক নিস্কৃয় কৰিব পাৰে। শ্ৰৱন উত্তম ভক্তি বুলি কোৱা কাৰণটো একেতাই। কেৱল শ্ৰৱনৰ দ্বাৰা আমি অতি শুদ্ধ সম্পৰ্ক (সৎসঙ্গ) গঢ়িব পাৰোঁ। আনৰ ভাষাত, আবেগত, খং ৰাগত, ঈৰ্ষাত, প্ৰেমত নিজকে বুজি পাব পাৰোঁ। 
 
সৎসঙ্গত মই সৎ হব লাগিব, আনজন নহয়। সকলো ধৰণৰ সঙ্গ মোৰ কাৰণে জৰুৰী কেৱল মই সৎ ভাৱে সাৱধানে সঙ্গক শ্ৰৱন কৰিব লাগিব। আমি সৎসঙ্গ বিচাৰি থাকিব নেলাগে, বিশ্বব্ৰহ্মাণ্ড ভৰি আছে সৎসঙ্গ দি। আমি কেৱল শ্ৰৱন কৰিব লাগে।
 
কৃষ্ণ॥

Wednesday, February 12, 2025

🧠মনে মনটোক নিয়ন্ত্ৰণ কৰিব পাৰে জানো 🧠

নেলাগে, নেপায় , বেয়া কাম , পাপ লাগিব ইত্যাদিয়ে আমাক কিবা সহায় কৰে জানো। বেলেগে কিবা এটা কলে বা লিখিলে বুলিয়ে আমি মানো জানো বা মানিব লাগে জানো। কিয় আমাক কব লাগে কি কৰাটো উচিত। ধৰ্ম গুৰুৱে হওঁক বা মনোবিজ্ঞানীয়ে হওঁক কিয় আমি অনুসৰণ কৰিব লাগে বা অনুসৰণ কৰো। এজনক অনুসৰণ কৰা বা এটা ধৰ্মক অনুসৰণ কৰা মানেই বিবাদৰ সৃষ্টি নহয় জানো।

ইউটিউবৰ ভাগৱত ব্যাখ্যাত এদিন শুণিলো বোলে সেন্দুৰ দিয়াজনৰ বাহিৰে বেলেগলৈ চোৱাটো অপৰাধ, বেলেগৰ পত্নীক ভাল পোৱাটো পাপ, দুপাত্তাখন নাথাকিলে ছোৱালী নাপাত্তা হৈ যায় ইত্যাদি.. এইবিলাক সমাজত হৈ থকা মানুহে কৰা কৰ্ম কাৰণেহে কোনোবাই নকৰিবলৈ বা নাপায় বুলি কব লগা হৈছে। 

মই নিজকে শুধো যে ভাগৱতৰ আখ্যা দি , ভগৱানবস্তু কৃষ্ণৰ ভয় দেখোৱাই আমাক কিবা এটা কৰ্ম নকৰিবলৈ কলে আমি মানিম জানো ? ভাৱকচোন কিমানজন ভকতে নামঘৰৰ ভিতৰতে ধপাত মলী খায়। ৰাষ্টায়ে ঘাটে প্ৰত্যেক কিলোমিটাৰে অসমত মন্দিৰ বা নামঘৰ দেখা পোৱা যায় , কিন্তু আমি জানো নাপায় বুলি কোৱা কায্যবোৰ নকৰিব পাৰিছো।

সমাজে বেয়া বুলি ভৱা দূৰ্নীতি, মদৰ দোকান, বেশ্যালয় দিনক দিনে বাঢ়ি গৈ আছে। কি কৰিব নেলাগে তাক ব্যাখ্যা কৰি সেই কাৰ্য্যক নকৰা কৰিব পাৰিব বুলি ভাৱিবৰ কোনো থল নাই । এই অপৰাধ বা পাপ বা ভগৱান বা আনকোনো শব্দয়ে আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাত সহায় কৰিব নোৱাৰে। আমাৰ মন বিলাকে আমাক ভালকৈ নাকত ধৰি চাকত ঘুৰায়।

কিয় মন যায়? মনটোক বান্ধি মনটোক জয় কৰিব পৰা যাব কেনেকে? ধৰ্মত মনটো বন্ধাৰ শক্তি আছে জানো? শংকৰ সংঘৰ ব্যৱস্থাটোত সেই শিকলীডাল আছে জানো? মনটোক বান্ধিব লাগে জানো?

মনটোৰ বিষয়ে আমি নুবুজিলে মনটোক জয় কৰা অসম্ভৱ । দুৰ্ভাগ্যবশতঃ মই জানিব পৰা ধৰ্মবোৰে মনটোক বুজাত সক্ৰিয় প্ৰত্যক্ষ ভাৱে সহায় নকৰে। নিয়ম-নীতি বিধিৰ মাজত আচল সত্যটো লোকাই থাকি যায়।

মদভাগৱত আৰু গীতাত সত্যক বাৰে বাৰে উনুকিয়াই দিয়া হৈছে কিন্তু আমি পঢ়ো জানো? ৰাইজে ৰাস, নৃত্য, ভাওণা আদিতহে মন দিয়ে । ভগৱান ৰাম ত কে অৰুণ গোভিলকহে ভাল পায়! মনটোৱে যি ফালে নিয়ে আমি সেই ফালেহে যাম। মনটোক আমি সৰ্বশ্ৰেষ্ঠ বুলি নেভাৱো জানো? মনটোৱেই মই বুলি নেভাৱো জানো?

মনটোনো কি হয়?

𒀚সময় মানে কি 𒁵

সময় মানে কি? এই প্ৰশ্নভাগ চিৰযুগমীয়া। মোৰ মনলৈও এই প্ৰশ্নভাগ আবিৰ্ভাৱ হোৱা নিচিনাকৈ এদিন আহিছিল। মাধৱদেৱ বিৰচিত প্ৰাৰ্থণা, ‘ব্ৰহ্মা আদিকৰি জীৱ যত’ত উল্লেখ থকা - ‘কালসৰ্পে দংশে হৰাইল চেতন তাৰ’ বাক্যাংশৰ পৰা মোৰ মনলৈ এই প্ৰশ্নই গতি কৰিছিল।

সৰু লৰা ছোৱালীবোৰক চাবচোন, তেওঁলোকে এই তাৰিখ, বাৰ, সময়ক কেৰেপেই নকৰে। ডাঙৰ হৈ লাহে লাহে সময়ৰ শিকলীডালৰ কথা বুজি পায়। ডাঙৰ হোৱাৰ পাছতো আমাৰ কেতিয়াবা এনেকুৱা হয় যে আজি কি বাৰ, কি তাৰিখ একো মনত নপৰে।
কিন্তু মন কৰিবচোন, সদায় চাকৰিলৈ যোৱা মানুহৰ এই অনুভৱটো নাহে। তেওঁলোকৰ দিন, বাৰ, তাৰিখ, বন্ধ আদি ভালকৈ মনত থাকে। আকৌ চাবচোন, বেছিকে চিন্তা কৰি থকা মানুহবোৰে দিন বাৰ নেপাহৰে।
সময় এটা চিন্তা। ঘৰীটোৰ লগত নিমিলে। কিছুমানৰ সময়ৰ টিকনি আগত থাকে, কিছুমানৰ পাছত। আৰু বহুতে কেৰেপেই নকৰে।
সময় এটা যাত্ৰা। অতীতহৈ বৰ্তমান পাৰ কৰি ভৱিষ্যতলৈ কৰা এটা যাত্ৰা। মোৰ কি আছে (বৰ্তমান) আৰু মোৰ কি থাকিব লাগে (ভৱিষ্য), এই দুটা বিন্দুৰ মাজত থাকে সময়। সময় থাকে কৰ্মত, সময় থাকে স্বাৰ্থত, সময় থাকে উদেশ্যত, সময় থাকে ইচ্ছাবোৰত, বিষয়সুখত আৰু দুখত।
“কাল সৰ্পে দংশে হৰাইল চেতন তাৰ” বুলি মাধৱদেৱ গুৰুজনাই কিয় লিখিছিল? সৰুৰে পৰা আমাক উচ্চাকাংক্ষা ৰাখিবলৈ শিকায়। পঢ়াত ভাল হ’ব লাগিব, বেলেগক পিছত থৈ নিজে আগ স্থান পাব লাগিব। উদেশ্য এটা পালিব লাগিব আৰু সফল হ’ব লাগিব। এই মানসিকতাত সময়ৰ টিকনিডাল অতিব প্ৰয়োজন। এই কৰ্মব্যস্ততা প্ৰকৃতিৰ চেতনা হেৰাই যায়। আমি যে প্ৰকৃতিৰে অংশ সেইবোৰ চিন্তা কৰিবলৈ চেতনা নাথাকে।
মোৰ ব্যক্তিগত অনুভৱ যে প্ৰকৃতিৰ অংশ হিচাপে প্ৰকৃতি বা এই পৃথিৱীৰ লগত আমাৰ এটা সম্পৰ্ক আছে। সেই চেতনা আমি হেৰুৱাই পেলাওঁ। সময় হৈছে তাৰ প্ৰধান কাৰণ।
ট্ৰেণ এখন ধৰিবলৈ বা গাড়ি এখন চলাবলৈ সময়ৰ দৰকাৰ। সেইটো কোনেও নুই কৰিব নোৱাৰে। সময় নাথাকিলে জীৱন নচলিব সেইটোৱো সত্য। কিন্তু সময়ৰ সঠিক ভৌতিক আৰু আধ্যাত্মিক অৰ্থটো বুজি পালে প্ৰকৃতিৰ লগত থকা সম্পৰ্কটোৱো আমি নেহেৰুৱাম।
যেনেকে শংকৰদেৱ গুৰজনাই কৰ্ম মাৰ্গত গতি নাই বুলি কওঁতে কৰ্মবিমুখ হ’বলৈ কোৱা নাই, ঠিক তেনেকৈ মাধৱদেৱ গুৰুজনাই সময়ক সৰ্প বুলি কওঁতে সময়ৰ দৰকাৰ নাই বুলি কোৱা নাই।
মই লিখা কথাবোৰ সহজে বুজি পোৱা যদি হোৱা নাই, ক্ষমা কৰিব। মই আলোচনা কৰিবলৈ সদায় সাজু।

Sunday, December 27, 2020

Why the 'Tour of Duty' Army recruitment model is an illiterate idea?

As per a report on Timesnownews, the Indian Army has announced a new recruitment model on a pilot basis that will allow civilians to serve within its ranks on a three year short service 'Tour of Duty'.

Here is the link to that article.

A day after the announcement, the Print has published an opinion piece by retired Major General B S Dhanoa where the model was criticized by the Major General as a 'harebrained idea'. It spoke about putting young minds in a serious situation of real shells and bullets without enough training, questioned the peer support of the regular soldiers that these tourist soldiers would receive, and the possibility of political tourists getting into the ranks of the Armed Forces polluting the apolitical nature of the Armed Forces.

Here is the link to that article by B S Dhanoa.

Apart from the points mentioned in the article attached, , I would like to add a serious fallacy guiding this idea.The ‘tour of duty’ assumes a very flawed concept of ‘duty to the nation'. It assumes that army is the only duty worth for a true Indian. It indirectly signifies that farming, orphan care, old age care, teacher, professor, police duty, construction workers etc are not duties to the nation. It forgets that the pain of a death of a soldier is equal to the pain of a death of a farmer or a police officer. 
 
Do forgive me for selecting these duties among many others as examples, for I wanted to create an impact to bring home the point. The idea reeks of an appeal to the jingoistic hot young blood of the youths to fill the forces with low cost human resource.
 
The second point that I want to highlight is a bit shameful one, and a more serious one. One of the points put forward in support of the idea is that the army won’t have to pay them much. There will be no liability of pension and other benefits.Currently, the pension bill is almost 30% of the total defense budgets (I doubt it but that is the number the timesnow article quotes) and so this idea will save cost for the nation. This rationale given for the 'tour of duty' idea is a problem.

Firstly, a Govt that wins UP elections by taking help of the Army in their political hoardings and regularly invokes the prestige of the army for effect, is now being stingy to increase defense budgets for these young boys who would guard the real borders with real rifles facing real bullets. It only brings out the true 'bania' face of the Govt that it only increases its election budgets. All other budgets can be slashed even at the cost of real lives.
 
Secondly, if we want the young minds of India to taste the discipline of the forces for a time so that they can become better disciplined citizens then why are we not allocating extra budgets for such a novel idea. If the novel idea is to get cheap untrained army soldiers facing real bullets then it is indeed a very cunning self centered idea. It is against the cost of life of a citizen. It is against the citizens.
 
I would urge the Govt to consider defense decisions strategically from a long term point of view, with a clear vision to keep it as apolitical as possible. If we need more human resources, we need to either streamline operations and save operations cost, or increase budget to hire and train the additional human resources.

This Govt from 2014 has been very particularly visible in terms of taking thoughtless, knee jerk decisions. The worst was the PM saying ‘no Chinese inside India’, the worse was the ‘lock down in 4 hours’ killings 100s and bad was the sudden demonetization killing the entire economy to get it back to an even bigger cash economy!! Then you have the farm bills, removal of 370, breaking J&K into UTs, make in India ventilators, and the 21 day ultimatum to Covid 19 by the PM; and the list is endless.
 
I am just aghast at the number of stupidities that India has been so proudly executing in the last 6 years. Oh my India.